newsnextone.com | ডিব্ৰুগড়ঃ নগাঁও জিলাৰ ৰহাত মুম্বাইৰ ইণ্ডাৰদ্বীপ কষ্ট্ৰট্ৰাকছনে ১২ জুলাইৰ পুৱাৰে পৰা পুনৰ টোলগে’ট আৰম্ভ কৰে। জানিব পাৰ মতে, এবাৰ পাৰ হলে প্ৰতিখন চাৰিচকীয়া বাহনে ১৫০ টকা আদায় দিব লাগীয়া হোৱাৰ লগতে প্ৰতিখন বাণিজ্যিক ট্ৰাক-বাছে প্ৰতিবাৰে আদায় দিব লাগীয়া হৈছে ৫০০ টকাকৈ। ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ নোহোৱাকৈ টোলগে’ট মুকলি কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত৷
ৰহাৰ টোলগে’ট মুকলি নকৰিবলৈ বিভিন্ন দল-সংগঠনে দাবী জনাই অহাৰ পিছতোঁ ৰাইজৰ দাবীক অমান্য কৰি টোলগে’ট আৰম্ভ কৰা কাৰ্যক ধিক্কাৰ দিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷