newsnextone.com | ৰঙিয়াঃ ১০ জুলাইত চলন্ত ৰে’লগাড়ীৰ টয়লেটৰ ভিতৰত শিৱসাগৰ জিলাৰ মেধাৱী ছাত্ৰী ৰাধা কুমাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই ১১ জুলাইত মৰিয়নী জংচনত পুনৰ লালীমাই নামৰ আন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷ তাৰ লগে লগে অসমৰ ৰেল যাত্ৰীৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে৷
যেন ক্ৰমাৎ অপৰাধীৰ ঘাটিত পৰিণত হৈছে ৰাজ্যত চলাচল কৰা ৰেল সমূহ৷ মানৱ সৰবৰাহৰ, চুৰি, ডকাইতি, অসৎ ব্যৱসায়লৈ বহু ঘটনাই সংঘটিত হৈ আহিছে ৰেল সমূহত৷