newsnextone.com | ডিজিটেল ডেস্কঃ দুয়ো নেতাৰে কাম কৰাৰ ধৰণ বেলেগ বেলেগ৷ কেতিয়াবা যদি ইজনে সিজন ধমকি দিয়ে কেতিয়াবা সিজনে ইজনক ধমকি দিয়ে৷ সময়ে সময়ে ধমকিয়ে সীমা পাৰো কৰি পালয়৷ দুয়োজন নেতাই বৰ্তমান বিশ্বৰ শক্তিশালী নেতা৷ দুয়ো নেতাৰ অধিনত থাকে বহু দেশ৷ বহু দেশত প্ৰভাৱ বিস্তাৰ কৰে৷
দীৰ্ঘ সময়ৰ পৰা দুয়ো দেশৰ সম্পৰ্ক ভাল নহয় যদিও সোমবাৰে মিলিত হ’ল দুয়োজন নেতাই৷ দুয়োজন নেতাই যে একত্ৰিত হ’ব সেয়া আছিল বিশ্ববাসীৰ বাবে এক বৃহৎ খবৰ৷ কোনোৱে আশা নকৰাকৈ আমেৰিকা ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভলাডিমিৰ পুটিনে সোমবাৰে দেখা দেখা হৈয়ে কৰমৰ্দন কৰে৷ প্ৰথমে দুয়ো নেতাই ফিণলেণ্ডত উপস্থিত হয়৷ তাৰ পিছতে দুয়োৰে মাজতে সাক্ষাৎ হয়৷