55
কোকৰাঝাৰঃ এনডিএফবি (সং) ৰ নামত কোকৰাঝাৰ জিলাত সংঘটিত হৈ থকা ধনদাবী ঘটনাৰে সতে জড়িত মুল অভিযুক্তক অৱশেষত কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
কোকৰাঝাৰ থানাত ৰজু হৈ থকা গোচৰ নং ১৩৭/২০১৭ মৰ্মে কোকৰাঝাৰ অাৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই যোৱা পৰহি ধুপগুৰী, চিৰাঙৰ টোক্ৰা বসুমতাৰীৰ পুত্ৰ মহেশ্বৰ বসুমতাৰীক নিজ গৃহৰ পৰাই আটক কৰিবলৈ সক্ষম হৈছে।