newsnextone.com | গুৱাহাটীঃ অসম আৰক্ষীৰ বাধাক কেৰেপ নকৰি পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি বুধবাৰে বীৰদৰ্পে গুৱাহাটীত উপস্থিত হয় কট্টৰ হিন্দুত্ববাদী নেতা প্ৰবীণ টোগাড়ীয়াই৷ বুধবাৰে দিনৰ প্ৰায় ১১ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় প্ৰবীণ টোগাড়ীয়াই৷ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে হিন্দুত্ববাদী নেতাজনত শতাধিক যুৱকে আদৰি আনে৷ টোগাড়ীয়াই প্ৰথমে কামাখ্যা মন্দিৰ দৰ্শন কৰে আৰু পিছতেই উগ্ৰতাৰা মন্দিৰত উপস্থিত হয়৷ দুয়োট মন্দিৰত পূজা-অৰ্চনা কৰি ৰাজ্য চৰকাৰক টোগাড়ীয়াই তীব্ৰ আক্ৰমণ কৰে৷
টোগাড়ীয়াই সংবাদ মাধ্যমক মুখামুখী হৈ বাৰে বাৰে গুৱাহাটী আৰক্ষীক আয়ুক্তক সাক্ষাৎ কৰি তেওঁক কিয় অসম ভ্ৰমণত বাধা প্ৰদান কৰা হৈছিল সেই কথা জানিব বিচৰাৰ কথা উল্লেখ কৰে৷ বৰ্তমানৰ বিজেপি চৰকাৰ খন কংগ্ৰেছীকৰণ হোৱাৰ ফলতে ৰাজ্যৰ বিজেপি চৰকাৰে কংগ্ৰেছৰ দৰেই তেওঁৰ মুখ বন্ধ কৰিব খুজিছে বুলি কয়৷
বাংলাদেশী সন্দৰ্ভত তীৰ্যক মন্তব্য প্ৰকাশ কৰি নাগকৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰে৷ মুছলমানক প্ৰব্ৰজনকাৰী আখ্যা দি মুছলমান অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ প্ৰেৰণ কৰিব লাগে বুলি কয়৷ বাংলাদেশৰ হিন্দুসকলক আনি সংস্থাপন কৰাৰ দায়িত্ব নিজেই লম বুলি কয়৷