newsnextone.com | কাকপথাৰঃ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দম্ভালিৰ পাছতোঁ ৰাজ্যৰ গ্ৰাম্য এলেকাৰ স্বাস্থ্য বিভাগৰ পঁয়ালগা অৱস্থাই ৰাইজক চিন্তিত কৰি তুলিছে। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সময়ে সময়ে স্বাস্থ্য খণ্ডৰ পৰিৱৰ্তন হোৱা বুলি কয় যদিও গ্ৰাম্য এলেকাৰ বহু চিকিৎসালয়ত চিকিৎসক-নাৰ্ছ নথকাৰ লগতে সা-সজুলি লথকাৰ অভিযোগ উত্থাপন হয়।
তিনিচুকীয়া জিলাৰ শদিয়া বিধান সভা সমষ্টিৰ বৃহত্তৰ কাকপথাৰৰ একমাত্ৰ চিকিৎসালয় কাকপথাৰ প্ৰাথমিক চিকিৎসালয়খনৰো তেনেই পৰিবেশৰ সৃষ্টি হয়৷ প্ৰায় ২০০ খন গাঁৱৰ তিনিলাখৰো অধিক লোকৰ চিকিৎসাৰ একমাত্ৰ সম্বল ১০ খন বিছনাযুক্ত চিকিৎসালয় খনত নাই পৰ্যাপ্ত চিকিৎসক তথা নাৰ্ছ ৷ চিকিৎসালয় খনৰ দুৱাৰ, খিৰিকি ভাগি জৰাজীৰ্ণ হৈ পৰাৰ লগতে চিকিৎসালয় খন পৰিচালনা কৰিবৰ বাবে নাই ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া৷ জনৈক চেতিয়া নামৰ এজন চিকিৎসকৰ দায়িত্ব থকা চিকিৎসালয়খনত ৰোগীৰ সহায়ৰ বাবে এম্বুলেঞ্চ চিকিৎসালয়ত নথকাৰ অভিযোগ উত্থাপন হয়৷