লালুকঃ বিধস্ত বাট-পথে দীৰ্ঘদিন ধৰি জ্বলা-কলা খুৱাই আহিছে লখিমপুৰ জিলাৰ দক্ষিণ লালুক গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ আমপৰাবাসীক। অঞ্চলবাসীয়ে এই সন্দৰ্ভত প্ৰশাসনৰ লগতে স্থানীয় বিধায়কক বাৰম্বাৰ আবেদন-নিবেদন জনাই আহিছে যদিও কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে।
উল্লেখ্য যে আমপৰা অঞ্চলৰ পৰা ওৱাহাট সংযোগী একমাত্ৰ পথটোত যদুমণি নৈৰ ওপৰত থকা বাঁহৰ দলঙেৰেই যাতায়ত অব্যাহত ৰাখিছে বৃহত্তৰ অঞ্চলটোৰ লোকসকলে। কিন্তু মেৰামতিৰ অভাৱত ৰাইজে বাৰিষাৰ সময়ত দলঙৰ পৰিৱৰ্তে টিয়নি সলাই পানীৰেই যাতায়ত কৰিবলগীয়া হৈ আহিছে।