চিলাপথাৰঃ ব্যাপক জুৱা আৰু সুৰাৰ প্ৰচলনে কলুষিত কৰিলে ঐতিহাসিক মালিনী মেলা। সাত দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মালিনী মেলাত নাই পূজাৰ নাম গোন্ধ। এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ একাংশ সচেতন লোকে।
উত্থাপিত অভিযোগ অনুযায়ী বাসন্তী পূজা উপলক্ষে চিলাপথাৰৰ সমীপৱৰ্তী লিকাবালিত সাতদিনীয়া কাৰ্যসূচীৰে আয়োজিত মালিনী মেলা এতিয়া একাংশৰ বাবে হৈ পৰিছে ধন ঘটাৰ উৎসৱ। নামমাত্ৰ মনোৰঞ্জনৰ ব্যৱস্থাৰ বিপৰীতে আয়োজক কমিটিৰ চকুৰ সমুখতে সমগ্ৰ মেলাখন একপ্ৰকাৰ জুৱাথলীত পৰিণত হোৱা দেখা গৈছে।