54
গুৱাহাটীঃ ডাইনী প্ৰথাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে সুদীৰ্ঘ বছৰ ধৰি সংগ্ৰাম চলাই অহা বীৰুৱালা ৰাভা আমন্ত্ৰিত হৈছে ৰাষ্ট্ৰসংঘলৈ। অহা ২৮ ছেপ্তম্বৰত ৰাষ্ট্ৰসংঘৰ জেনেভাস্থিত কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া এখন বিশেষ কৰ্মশালালৈ আমন্ত্ৰণ জনোৱা হৈছে বীৰুৱালাক।
‘হিউমেন ৰাইটছ ডিফেণ্ডৰ’ শীৰ্ষক এই বিশেষ কৰ্মশালাত ডাইনী প্ৰথা আৰু কুসংস্কাৰৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰিব সাহসী মহিলাগৰাকীয়ে।