Home ৰাজ্যনাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উজনিৰ বঙালী সমাজ, অসমৰ হিতৰ বাবে কাম কৰাৰ অংগীকাৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উজনিৰ বঙালী সমাজ, অসমৰ হিতৰ বাবে কাম কৰাৰ অংগীকাৰ

by News Desk
65 views
A+A-
Reset

newsnextone.com | চৰাইদেউঃ অসমৰ জাতীয় দল-সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে অসমৰ একাংশ বাংলাভাষী সংগঠনে বিধেয়কক সমৰ্থন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। বিশেষকৈ বৰাক উপত্যকা আৰু নামনি অসমৰ একাংশ বাংলাভাষী সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰি বঙাইগাঁৱত গণ সমাবেশ পৰ্যন্ত অনুষ্ঠিত কৰিছিল।

কিন্তু বিপৰীত উজনিৰ বাংলাভাষী সংগঠন। অসমৰ থলুৱা জাতীয় আৰু জনগোষ্ঠীৰ দল-সংগঠনৰ সৈতে একেটা শাৰীত থিয় দিলে উজনিৰ বাংলাভাষী সংগঠনে। উজনি অসমৰ চৰাইদেউ জিলাত বুধবাৰে উজনি অসমৰ বাংলাভাষী সংগঠনে এখন সমাবেশ অনুষ্ঠিত কৰে। উজনি অসম বঙালী যুৱ-ছাত্ৰ পৰিষদ, বাংলাভাষী অসমীয়া সমাজ-অসম আৰু বংগীয়া অসমীয়া সমাজ তথা চৰাইদেউ জিলা বঙালী সমাজ গণ সমাবেশ অনুষ্ঠিত কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ মুকলিকৈ বিৰোধিতা কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0