newsnextone.com | মৰিগাঁওঃ কলিতা সাহিত্য সভা আৰু কলিতা সেনাই কলিতা জনগোষ্ঠী সন্দৰ্ভত ভুল তথ্য প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে প্ৰকাশ কৰা দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিৰ দ্বিতীয় খণ্ড (ভূগোল)ত কলিতা জনগোষ্ঠী সন্দৰ্ভত বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ কৰা বুলি কলিতা সাহিত্য সভা আৰু কলিতা সেনাই অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ পৰিছে।
পাঠ্যপুথি খনৰ ৭৬নং পৃষ্ঠাত উল্লেখ কৰা “সম্ভৱত, মংগোলীয় জনগোষ্ঠীৰ লোকসকল অহা পিছত সিন্ধু-আৰ্যমূলৰ ভাষা কোৱা (Indo-Aryan) লোকসকল গংগা সমভূমি অঞ্চলৰ পৰা অসমলৈ আহিছিল। এওঁলোক আছিল মূলত ক’কেছীয় জনগোষ্ঠীৰ লোক। প্রথমতে স্থানীয় ৰজা বা শাসন কৰ্তাসকলৰ পৃষ্ঠপোষকতাত এই লোকসকল অসমলৈ আহিছিল যদিও পৰৱৰ্তীৰ কালত ব্রহ্মপুত্ৰ আৰু বৰাক সমভূমিৰ অথনৈতিক সম্পদ ৰাজিৰ প্ৰতি আকৰ্ষিত হৈ অসমলৈ আহিবলৈ ধৰে আৰু এই প্রব্রজন বৰ্তমান সময়তো অব্যাহত আছে। অসমত বৰ্তমান বসবাস কৰা সৰহসংখ্যাক অজনজাতীয় লোকেই ক’কেছীয় জনগোষ্ঠীৰ। ব্রাহ্মণ, কায়স্থ, কলিতা, নাথ-যোগী, কৈৱৰ্ত আদি জাতিৰ লোকসকল এই জনগোষ্ঠীৰ।” পাঠ্যপুথি খনত প্ৰকাশিত এনে তথ্য সহজ ভাৱে লব পৰা নাই কলিতা জনগোষ্ঠীৰ সংগঠনসমূহে।এয়া অপমানজনক বুলি কয়।