167
newsnextone.com | কোকৰাঝাৰঃ আগন্তুক স্বাধীনতা দিৱসত কুটাঘাতৰ পৰিকল্পনা কৰা এগৰাকী এনডিএফবি (এচ)ৰ সদস্যক আটক কৰিবলৈ সক্ষম বয় কোকৰাঝাৰ আৰক্ষী আৰু সেনাই।
কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ উত্তৰ ঝাৰবাৰীত আৰক্ষী আৰু সেনাই বুধবাৰে যৌথ অভিযান চলাই সমাগত কুটাঘাতৰ পৰিকল্পনা কৰি বিটিএডিত প্ৰৱেশ কৰা এগৰাকী এনডিএফবি (এচ)ৰ সদস্যক আটক কৰাৰ লগতে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰও জব্দ কৰিবলৈ সক্ষম হোৱা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।