newsnextone.com | অভয়াপুৰীঃ অসমৰ খেতি পথাৰ নষ্ট কৰি একাংশ লোকে অবৈধ খনন কৰাৰ লগতে ইটাভাটা স্থাপন কৰাৰ ঘটনা বিভিন্ন ঠাইত সংঘটিত হব’লৈ ধৰিছে। বৰ্তমান সময়ত বিভিন্ন সমস্যাই গা কৰি উঠা সমস্যাৰ ভিতৰত ইয়ো এটা সমস্যা হৈ পৰিছে৷ এচাম লোকে ৰাজ্যখনত মুনাফা লাভৰ বাবে চলাই অহা কিছুমান অপকৰ্মই বিপদ কঢ়িয়াই আনিছে খেতি পথাৰসমূহলৈ ৷
চোৰাং ব্যৱসায়ীৰ লগতে ৰাজ্যৰ ওপৰৱালাৰ বহতীয়া হৈ থকা একাংশ লোকে বন ধ্বংস কৰি অহাৰ উপৰিও চলাই আহিছে বিভিন্ন ধৰণৰ অবৈধ কামকাজ ৷ বঙাইগাঁও জিলাৰ অন্তৰ্গত উত্তৰ শালমাৰা মহকুমাত অবৈধভাৱে স্থাপন কৰি অহা ইটাভাটা সমূহে কৃষিভূমিসমূহলৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ লগতে জনজীৱনলৈ বিপদ মাতি আনিছে।