newsnextone.com | শিৱসাগৰঃ শিৱসাগৰ জিলাৰ ডিমৌত এগৰাকী স্বাস্থ্য বিভাগৰ কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দুৰ্নীতি নিবাৰক শাখাই সোণাৰিত কৰ্মৰত স্বাস্থ বিভাগৰ কৰ্মচাৰী বলো বৰগোহাঁইক আটক কৰে।
জানিব পৰা মতে, শিৱসাগৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী তথা সোণাৰিত এখন হস্পিতালত কৰ্মৰত বলো বৰগোঁহায়ে এটি বিশেষ কাম কৰি দিয়াৰ বিনিময়ত অৰ্চনা পেগু নামৰ স্বাস্থ্যকৰ্মীগৰাকীৰ পৰা নগদ ধন বিচাৰিছিল। টকা নিদিলে কাম কৰি নিদিয়াত অৱশেষত অৰ্চনা পেগুৱে টকা দিবলৈ ৰাজি হৈছিল।