newsnextone.com | লিডুঃ অসমীয়া জাতিয়ে মাটি, ভেটি হেৰুওৱাৰ মুহূৰ্তত উপনীত হোৱাৰ সময়তে আশাৰ ৰেঙনি আনিছিল এনআৰচিয়ে। অসমৰ ভৱিষ্যত প্ৰজন্ম অসমত সুৰক্ষিত হৈ থাকিব লাগিবলে এখন উন্নত নাগৰিক পঞ্জী খুবেই প্ৰয়োজন আছিল। যাতে অসম সোমাই অহা বিদেশীক অসমৰ পৰা খেদিব পৰা যায় আৰু দুনাই অসমলৈ বিদেশীয়ে সোমাই আহিলে সহজেই চিনাক্ত কৰিব পৰা যায় তাৰ এক ব্যৱস্থা হৈ থকাৰ বাবে এনআৰচি অসমীয়াক প্ৰয়োজন আছিল।
অসমী আই, পূণ্যভূমিৰ সেৱা কৰিবলৈ গৈ শ্বহীদ হৈছিল শ-শ অসমীয়া ডেকা। অসমৰ অস্তিত্বৰ ৰক্ষাৰ সংগ্ৰামত নিজৰ প্ৰাণ দিবলৈ কুণ্ঠাবোধ নকৰা প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰা আৰম্ভ কৰি ৮৫৫গৰাকী শ্বহীদৰ আত্মাই আজি আকাশত তিৰবিৰাব৷ যাৰ অমৰ মৃত্যুৱে জগাই তুলিছিল জাতিক৷