newsnextone.com | ডিব্ৰুগড়ঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে গহ জিলা ডিব্ৰুগড়ত কৃষকৰ মাজত ট্ৰেক্টৰ বিতৰণ কৰে। মুখ্যমন্ত্ৰী ‘সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ মেগামিশ্যন ছ’চাইটি আৰু ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত ডিব্ৰুগড়ৰ চাউলখোৱা খেলপথাৰত অনুষ্ঠিত কৃষক সমাৰোহত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ অধিনত ৰাজ সাহয্যৰ টেক্টৰ বিতৰণ কৰে।
অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে ভাষণ প্ৰদান কৰি সমাজত কৃষকৰ মৰ্যদা বৃদ্ধিৰ বাবে প্ৰতিজন কৃষকক অৰ্থনৈতিকভাৱে সৱল কৰাতো অতিকৈ জৰুৰী বুলি কয়। সেয়েহে কঠোৰ পৰিশ্ৰম আৰু বিজ্ঞানসন্মত কৃষি পদ্ধতিৰে কৃষি কাৰ্যত মনোনিৱেশ কৰি কৃষকসকলে নিজ উৎপাদন আৰু উপাৰ্জন দুগুণ, তিনিগুণলৈ বৃদ্ধি কৰাৰ সময় বৰ্তমান আহি পৰিছে বুলি কয় মুখ্যমন্ত্ৰীয়ে।