newsnextone.com | লিডুঃ বুধবাৰে উজনিৰ তিনিচুকীয়া জিলাত একাংশ নিবনুৱাই কৰ্ম সংস্থাপন বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ভাৰত চৰকাৰৰ অধিনৰ অইল ইণ্ডিয়া লিমিটেডে দীৰ্ঘ দিন ধৰি অসমৰ থলুৱাক বঞ্চিত কৰি বহুৰাজ্যৰ যুৱকক তৃতীয়-চতুৰ্থ-বৰ্গৰ পদত নিযুক্তি দি অহাত ক্ষোভিত যুৱকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
ডিগবৈত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য গেটত পুৱাৰে পৰা ডিগবৈৰ খেৰজান-ঢেকীয়াজন অঞ্চলৰ নিবনুৱাই অৰ্থনৈতিক অৱৰোধ ৰূপায়ন কৰি অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যালয় উত্তাল কৰি তোলে।