Home ৰাজ্যমুকলি কৰাৰ পূৰ্বে ফাট মেলিল তিনি কোটিৰ হৰিশিঙা আদৰ্শ চিকিৎসালয়ত, তদন্ত নকৰিলে আৰক্ষীয়ে

মুকলি কৰাৰ পূৰ্বে ফাট মেলিল তিনি কোটিৰ হৰিশিঙা আদৰ্শ চিকিৎসালয়ত, তদন্ত নকৰিলে আৰক্ষীয়ে

by News Desk
57 views
A+A-
Reset

newsnextone.com | ওদালগুৰিঃ মুকলিৰ পূৰ্বেইদেৱালত ফাট মেলিল হৰিশিঙাৰ দেউলগুৰিস্থিত হৰিশিঙা আদৰ্শ চিকিৎসালয়ত। বিগত ১২ জুলাইত হৰিশিঙা আঞ্চলিক এবছুৰ এটা দলে প্ৰত্যক্ষ কৰিছিল চিকিৎসালয়খনৰ দেৱালৰ প্ৰকাণ্ড ফাটসমূহ। ইয়াৰ পাছত এবছু নেতা ৰিঞ্জয় বড়োৱে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰি কৈছিল যে প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণৰত অৱস্থাত থকা হৰিশিঙা আদৰ্শ চিকিৎসালয় নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। 

ওদালগুৰিৰ ঠিকাদাৰ অশোক বাজাজৰ নেতৃত্বত চিকিৎসালয় গৃহ নিৰ্মাণত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ হোৱাৰ অভিযোগ উত্থাপন কৰিছিল এবছুৱে। এক সূত্ৰৰ পৰা লাভ কৰা অনানুষ্ঠানিক খবৰ অনুসৰি ঠিকাদাৰ গৰাকীয়ে নিজৰ কোনো এক এণ্টাৰপ্ৰাইজৰ নামত ঠিকাদাৰজনে নিৰ্মাণ কাৰ্য চলাইছিল যদিও সূত্ৰটোৱে নামটো জনোৱাৰ পৰা বিৰত থাকে। কেৱল ঠিকাদাৰেই নহয়, দ্বায়িত্বত থকা অভিযন্তাগৰাকীও এই অনিয়মত জৰিত থকাৰ অভিযোগ উত্থাপন কৰি কৰিছিল এবছুৱে। ইয়াৰ পৰৱৰ্তী সময়ত উক্ত দিনাই হৰিশিঙা আঞ্চলিক এবছুৱে ঠিকাদাৰ অশোক বাজাজৰ বিৰুদ্ধে হৰিশিঙা আৰক্ষী থানান এক এজাহাৰ দাখিল কৰিছিল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0