Home ৰাজ্যপ্ৰাক্তন সেনা জোৱানৰ পৰিয়াল সহ NRCৰ খচৰাৰ পৰা বাদ পৰিল কাউৰবাহাৰ ৯০ শতাংশ লোকৰ নাম

প্ৰাক্তন সেনা জোৱানৰ পৰিয়াল সহ NRCৰ খচৰাৰ পৰা বাদ পৰিল কাউৰবাহাৰ ৯০ শতাংশ লোকৰ নাম

by News Desk
75 views
A+A-
Reset

newsnextone.com | ৰঙিয়াঃ ২০-৩০ বছৰে দেশক সেৱা কৰা লোকৰ নাম এনআৰচিৰ খচৰাৰ পৰা বাদ পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰবাহাত। সেনা বাহিনীত জীৱনৰ বেছি সময় দি দেশৰ ভূ-খণ্ডক ৰক্ষা কৰা অতন্দ্ৰ প্ৰহৰীৰ নাম এনআৰচিৰ খচৰাৰ পৰা বাদ পৰা বুলিও জানিব পৰা গৈছে।
 
কাউৰবাহা অঞ্চলৰ প্ৰায় সংখ্যালঘূ লোকৰ নাম এনআৰচিৰ খচৰাত প্ৰকাশ নোপোৱাত ৰাইজ সোচ্চাৰ পৰা দেখা যায়। বাক্সা জিলাৰ সংখ্যালঘূ এলেকা কাউৰবাহাৰ ৯০ শতাংশ লোকৰ নাম এনআৰচিৰ পৰা বাদ পৰাৰ অভিযোগ উত্থাপন হৈছে। ৯০ শতাংশ লোকৰ ভিতৰত খিলঞ্জীয়া ইছলামধৰ্মী গৰিয়া লোকে আছে বুলি জানিব পৰা যায়।

 বাক্সা জিলাৰ কাউৰবাহা অঞ্চলৰ প্ৰকৃত ভাৰতীয় নাগৰিকক সন্দেহ কৰি ষড়যন্ত্ৰমূলক ভাৱে বাদ পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। এনআৰচি সম্পূৰ্ণ খচৰা তালিকা প্ৰকাশ পোৱাৰ পিছতেই বহু বিসংগতি ধৰা পৰাত ৰাইজৰ মাজ ক্ষোভৰ সৃষ্টি হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0