লিডুঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে শুকুৰবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত ড্ৰাগছ আৰু কানিৰ ব্যাপক হাৰত ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন কৰি ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন প্ৰান্তত অবাধ গতিত চলি থকা নিচা জাতীয় দ্ৰব্যৰ বেহা বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ শাতধিক নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰশাসনক কেৰেপ নকৰি ড্ৰাগছ-কানি মাফিয়াই মহকুমাটোৰ জনগোষ্ঠীয় এলেকাসমূহত ৰমৰমীয়া ব্যৱসায় চলাই থকা কাৰ্যই সচেতন মহলক চিন্তিত কৰি তোলাত জাতীয় সংগঠন প্ৰতিবাদ সাব্যস্ত কৰে আহিছে যদিও গা নলৰে প্ৰশাসনৰ ৷