133
newsnextone.com | মঙলদৈঃ আপুনি অনলাইন যোগে নিশ্চয় চাকৰিৰ বাবে আবেদন কৰাৰ কথা শুনিছে, নতুবা নিজেই আবেদনো কৰিছে। একেদৰে Quiker, OLX, flipkartত আপুনি বিভিন্ন সামগ্ৰী অনলাইনযোগে ক্ৰয়-বিক্ৰয় কৰাৰ কথাও শুনিছে। হয়তো নিজেও ক্ৰয়-বিক্ৰয় কৰিছে।
কিন্তু শুনি আচৰিত হ’ব এতিয়াৰ পৰা আপুনি অনলাইন যোগে ক্ৰয় কৰিব পাৰিব হাঁহ, মুৰ্গী, জাপানীজ কুৱেল নামৰ চৰাই ৷ হয়, এতিয়াৰ পৰা আপুনি পোহনীয়া হাঁহ, মুৰ্গী ক্ৰয় কৰিব পাৰিব অনলাইন যোগে৷