55
চৰাইদেউঃ অসম ৰাজ্যিক পৰিবহণ নিগমৰ শিৱসাগৰ সংমণ্ডলৰ সংমণ্ডল বিষয়াগৰাকীৰ দায়িত্বহীনতাৰ বাবেই বহুকেইখন বাছৰ চলাচল বৰ্তমান বন্ধ হৈ পৰাৰ অভিযোগ উত্থাপন কৰিছে সোণাৰি-তেজপুৰ যাতায়তকাৰীয়ে।
বিগত কেইবামাহ ধৰি সংমণ্ডলটোৰ সোণাৰি আস্থানৰ পৰা তেজপুৰলৈ দৈনিক সাল-সলনি কৰি চলাচল কৰা নিগমৰ দুখনকৈ গুৰুত্বপূৰ্ণ বাছসেৱা অজ্ঞাত কাৰণত বন্ধ কৰি দিয়াত সৰৱ হৈ পৰিছে যাত্ৰীসকল।