newsnextone.com | কোকৰাঝাৰঃ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিটিএডি অঞ্চলত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্য লৈ দলটোৱে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে৷ তাৰ মাজতে কংগ্ৰেছৰ সংখ্যালঘু কোষৰ কোকৰাঝাৰ জিলা সমিতিৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় দেওবাৰে ৷
কোকৰাঝাৰ চহৰস্থিত জিলা কংগ্ৰেছ ভৱনত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ সভাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সংখ্যালঘূ কোষৰ সমন্বয়ক মফিজুল হুছেইন, কোষৰ নামনি অসম মণ্ডলৰ যুটীয়া সমন্বয়ক তথা বিটিএডিৰ গুমা সমষ্টিৰ পৰিষদীয় সদস্য মমিনুৰ ইছলাম আৰু যুটীয়া সমন্বয়ক আবতাব আলি আহমেদে অংশগ্ৰহণ কৰে৷