নগাঁওঃ আমাৰ সমাজত সাধাৰণভাবে জীয়াই থকা অৱহেলিত লোকসকলক কিঞ্চিত সহায়েৰে তেওঁলোকৰ মুখত হাঁহি বিৰিঙাই দিয়াৰ লক্ষ্য আৰু চিন্তা-চৰ্চাৰে গঢ়ি তোলা স্বৰ্গীয় কলেশ্বৰ ডেকা জাতীয় ন্যাসে বিগত ২০১৫ চনৰে পৰা অবিৰতভাৱে একাধিক ব্যতিক্ৰমী কাম-কাজ ৰূপায়ণ কৰি আহিছে৷
নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত হাতীচোং মৌজাৰ মাজগাঁও অঞ্চলৰ পৰা আত্মপ্ৰকাশ কৰা এই ন্যাসে ২০১৫ চনত একাংশ দৰিদ্ৰ পৰিয়ালৰ যুৱক-যুৱতীক লৈ ‘সামুহিক বিবাহ’ অনুষ্ঠিত কৰাৰ বিপৰীতে যোৱা বছৰ বিশেষভাৱে সক্ষম লোকক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷