newsnextone.com | ডিজিটেল ডেস্কঃ সংবাদ মাধ্যমৰ স্বাধীনতা আৰু হস্তক্ষেপ সন্দৰ্ভত গৰজি উঠিল এডিটৰ্ছ গীল্ড। বুধবাৰে এক বিবৃতি যোগে সংবাদ মাধ্যমৰ কণ্ঠ ৰুদ্ধ কৰিব খোজাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এডিটৰ্ছ গীল্ডে।
আনহাতে সংবাদ মাধ্যমৰ গুৰিয়ালক কোৱা হৈছে যে ৰাজনৈতিক চাপত আপোনালোক নপৰিব। নিউজ চেনেলৰ অনুষ্ঠান সম্প্ৰচাৰ হৈ থকাৰ সময়তে চিগনেল নোহোৱা হৈ পৰা বিষয়ত তদন্ত যথাযথ কৰি ব্যাখ্যা দিব লাগিব বুলি দাবী কৰে। অন্যথাই ভাৰতৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ স্বাধীনতাত কুঠাৰঘাট কৰা হ’ব। সকলো সংবাদ প্ৰতিষ্ঠানে কওক কোনো এটা সংস্থাৰ সৈতে চৰকাৰ জৰিত নহয়। যদি হয় অনতি বিলম্বে ব্যৱস্থা লওক। সংবাদমাধ্যমৰ স্বাধীনতা কোনো কালেই খৰ্ব হোৱাটো নিবিচাৰো বুলি কয় এডিটৰ্ছ গীল্ড।