নলবাৰীঃ অশেষ কষ্ট কৰি নিজে সজা সপোনৰ ঘৰখনত পুত্ৰ-কন্যা-বোৱাৰী আৰু আত্মীয়ৰ নিৰ্যাতনৰ বলি হৈ নলবাৰীৰ শান্তি নিবাস অনাথ আশ্ৰমত থিতাপি লোৱা ৯০ বছৰীয়া অমৰেন্দ্ৰ শৰ্মাক অৱশেষত আকোৱালি ললে নিজৰ পৰিয়ালে৷ নলবাৰী শান্তি নিৱাস অনাথ আশ্ৰমৰ পৰিচালক সাংবাদিক মজিবুৰ ৰহমানে মঙলবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে ৯০ বছৰীয়া ককাগৰাকীক দুই পুত্ৰসহ আত্মীয়ৰ সৈতে সংযোগ কৰাই দিয়ে৷
উল্লেখ্য যে, গড়কাপ্তানি বিভাগৰ সহকাৰী অভিযন্তা হিচাপে অৱসৰ গ্ৰহণ কৰা শৰ্মাৰ পত্নীসহ ৪ পুত্ৰ আৰু ৩ কন্যাৰ সৈতে এটি সুখৰ সংসাৰ আছিল৷ কিছুবছৰ পূৰ্বে পত্নীৰ বিয়োগ হোৱাৰ পাছত পুত্ৰ-কন্যা-বোৱাৰীৰ চৰম নিৰ্যাতনৰ বলি হৈ অশীতপৰ বৃদ্ধগৰাকী একপ্ৰকাৰ এলাগী হৈ পৰাছিল৷