newsnextone.com | মৰিয়নীঃ বৃহস্পতিবাৰে যোৰহাট জিলাৰ মৰিয়নীৰ চেলেংহাটত ৰাস্তা-ঘাটৰ উন্নয়ন কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চেলেংহাট আঞ্চলিক সমিতিয়ে চেলেংহাট অঞ্চলৰ বাট-পথৰ উন্নয়ন কৰাৰ দাবী জনায়।
ৰাজ্য চৰকাৰে অসমৰ গ্ৰাম্য এলেকা উন্নয়ন কৰিম বুলি প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ উত্থাপন কৰি ৰাজ্য চৰকাৰক বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে। শতাধিক লোকে চেলেংহাটত পুৱাৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে অঞ্চলটোৰ বাট-পথৰ অৱস্থা উন্নত কৰাৰ দাবী জনাই অন্যথাই জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে।