newsnextone.com | কলিয়াবৰঃ বৃহস্পতিবাৰে নগাঁও জিলাৰ কলিয়াবৰত ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই বান ক্ষতিগ্ৰস্তৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰে। কেইবাশতাধিক লোকৰ উপস্থিতিত কলিয়াবৰৰ কুৱৰীটোলস্থিত মুক্তিযুঁজাৰু স্মৃতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিক ভাৱে চেক সমূহ বিতৰণ কৰে।
মন্ত্ৰীগৰাকীয়ে ৰাজ্যচৰকাৰে যিমান পাৰে সিমানে বান পীড়িতক সহায় কৰিছে বুলি কয়। যিসকল লোকে সাহায্য লাভৰ পৰা বাদ পৰিছে সেই সকলক লোকক পুনৰ সাহায্যৰ দিয়াৰ বাবে ব্যৱস্থা কৰিব বুলি কয়।
২০১৭ৰ ১২ আগষ্টত কলিয়াবৰৰ হাতীমুৰা মথাউৰি ভাঙি সৃষ্টি হোৱা মহাপ্ৰলয়ত ক্ষতি গ্ৰস্ত লোকক এবছৰ মূৰকত ক্ষতিপূৰণ দিয়ে চৰকাৰে। কলিয়াবৰবাসীক বৃহস্পতিবাৰে ৮ কোটি ৮৬ লাখ ৭২ হাজাৰ ১০০ টকা বান ক্ষতিপূৰণ বিতৰণ কৰি ৪৯৪৮টা পৰিয়ালৰ মাজত। আনহাতে একাংশ লোকে সকলো হেৰুওৱাৰ পিছতো ক্ষতিপূৰণ নোপোৱাৰ লগতে ক্ষতি নোহোৱা লোকে ক্ষতিপূৰণ পোৱাৰ অভিযোগ উত্থাপন কৰে।