newsnextone.com | নগাঁওঃ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ মন্ত্ৰীগৰাকীৰ নেতৃত্বতে যেন আৰম্ভ হৈছে বিভাগটোৰ শ্মশানযাত্ৰা। বিগত চৰকাৰৰ দিনত বিভাগটোৱে অনুমোদন জনোৱা আৰু নিৰ্মাণ আৰম্ভ কৰা বহু আচঁনি বৰ্তমান পৰিবৰ্তনকামী চৰকাৰৰ দিনত যেন ভালুকৰ সাঙীতহে পৰিণত হৈছে ৷ কিয়নো,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও জিলাৰ ধিং সংমণ্ডলৰ অন্তৰ্গত ৪৩খন বিশুদ্ধ পানী যোগান আৰু অনাময় আঁচনিৰ ভিতৰত অধিকাংশই বৰ্তমান কেৱল নামতহে চলি থকা বিষয়টোয়ে তাকেই স্পষ্টৰূপত প্ৰতিফলিত কৰিছে।
একেদৰে ৰাইজৰ দ্বাৰা গঠিত আৰু পৰিচালিত গ্ৰাম্য গৃহ পানী যোগান আৰু অনাময় সমিতিৰ জৰিয়তে ৰাইজৰ ধনেৰে যিকেইখন আচঁনি চলি আছে সেয়াওঁ চৰকাৰৰ বিষয়া-কৰ্মচাৰীৰ অমনোযোগিতাৰ ফলত অচিৰেই বন্ধ হোৱাৰ উপক্ৰম ঘটিছে। ৰাইজৰ টকাৰে পৰিচালিত এই আচঁনিবোৰৰ কাৰ্যকৰী সভা মাহৰ পাছত মাহ ধৰি অনুষ্ঠিত কৰিবলৈ সময় নাপায় বিভাগৰ বিয়াগোম বিষয়াসকলে ৷