newsnextone.com | তামুলপুৰঃ অসম সন্মিলিত মহাসংঘৰ উদ্যোগত তামুলপুৰত দেংখৌ ফৈচাদী প্ৰেক্ষাগৃহত মহাৰাজ পৃথু সোৱৰণি মঞ্চত বৃহস্পতিবাৰে বিশ্ব খিলঞ্জীয়া দিৱস পালন কৰা হয়। অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ সভাপতিত্বত খিলঞ্জীয়া সজাগতা সভা অনুষ্ঠিত হয়।
অসম সন্মিলিত মহাসংঘৰ উদ্যাগত, সদৌ বৰ্মন কছাৰী ছাত্র সন্থা, গৰিয়া মৰিয়া দেশী জনগোষ্ঠী পৰিষদৰ সহযোগত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এন ডি এফ বি (প্ৰ)ৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীয়ে অসমৰ খিলঞ্জীয়াসকলক চৰকাৰে প্ৰৱঞ্চনা কৰি অহা বুলি অভিযোগ উত্থাপন কৰে। সকলো খিলঞ্জীয়া জনগোষ্ঠীক ঐক্যবদ্ধ হৈ অধিকাৰ সাব্যস্ত কৰিব লাগিব। খিলঞ্জীয়া হ’ল সেইসকল স্থায়ী বাসিন্দা, যিসকলে ইয়াতে জন্ম লাভ কৰি উপনিৱেশিক আগ্ৰাসনৰ বিপক্ষে যুঁজ কৰি নিজ মাতৃ ভূমিৰ উন্নতি বা বিকাশৰ বাবে সদায় চেষ্টা কৰি অহা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক সকল বুলি কয় গোবিন্দ বসুমতাৰীয়ে।