newsnextone.com| কাকপথাৰঃ তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী বৰডিৰাক গোঁসাই গাঁৱৰ পৰা এগৰাকী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীক অৰুণাচলী লোকে অপহৰণ কৰি নিয়াৰ পাছত আৰক্ষীয়ে এমাহ ধৰি কোনো শুংসুত্ৰ উলিয়াব নোৱাৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে স্থানীয় দল-সংগঠন আৰু স্থানীয় ৰাইজে অসম-অৰুণাচল সংযোগী ৫২(১৫) নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা সোনজান মাধৱপুৰ তিনিআলি অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
সদৌ মৰাণ ছাত্ৰ সন্থা ডিৰাক আঞ্চলিক সমিতি আৰু ডিৰাক গোঁসাই গাঁও যুৱক সংঘৰ উদ্যোগত আৰু স্থানীয়া ৰাইজৰ সহযোগত কৰা পথ অৱৰোধ ফলত অসম-অৰুণাচলৰ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰে।