Home ৰাজ্য১৫ দিন অনাহাৰৰ পিছত মুখত বিৰিঙিল হাঁহি, দুৰ্ভগীয়া পৰিয়ালৰ কাষত থিয় দিছে চৰকাৰী বিষয়া-কৰ্মচাৰী

১৫ দিন অনাহাৰৰ পিছত মুখত বিৰিঙিল হাঁহি, দুৰ্ভগীয়া পৰিয়ালৰ কাষত থিয় দিছে চৰকাৰী বিষয়া-কৰ্মচাৰী

by News Desk
59 views
A+A-
Reset

নলবাৰীঃ নলবাৰীৰ অামৰা গাঁৱৰ এটা পৰিয়ালৰ চাৰি সদস্যৰ তিনিজনে দীৰ্ঘ দিন ধৰি শয্যাগত হৈ থকাৰ বিপৰিতে এক মাত্ৰ কন্যাই অভাৱ অনাটনত দিক বিদিক হেৰুৱাই অসহায় হৈ পৰাৰ বাতৰি সংবাদ মাধ্যম যোগে প্ৰচাৰ হোৱাৰ পিছতে দুৰ্ভগীয়া পৰিয়ালটোক এটা নতুন জীৱন দিৱলৈ অগবাঢ়ি অাহিছে বহুজনকেইজন হৃদয়বান লোক। 
 
নলবাৰী জিলা প্ৰশাসন,নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা,কংগ্ৰেছ নেতা প্ৰদ্যু ভূঞা, বিশিষ্ট চিকিৎসক বসন্ত বৈশ্যৰ লগতে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে পৰিয়ালটোক সহায়ৰ হাত অাগবঢ়ায়। 

ইফালে, মঙলবাৰে নলবাৰী জিলাৰ গড়কাপ্তানী গৃহ সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা মহেন্দ্ৰ মোহন দাস,সহ কাৰ্য্যবাহী অভিযন্তা অশ্বিনী বৰুৱা সহ কাৰ্য্যলয়ৰ বহু কেইজন বিষয়া-কৰ্মচাৰীয়ে দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত থিয় দি আৰ্থিক ভাৱে জুৰুলা পৰিয়ালটোক সকাহৰ বাট দেখুৱায়। আনফালে, পোন্ধৰ দিন ধৰি অনাহাৰে থকা নলবাৰী জিলাৰ দৰিদ্ৰ পৰিয়ালটোৰ মুখত অলপ হাঁহি বিৰিঙিবলৈ চেষ্টা চলোৱা সকলো মানৱ দৰদী ব্যাক্তিকে কৃতজ্ঞতা যাঁচিছে পৰিয়ালটোৰ লগতে  স্থানীয় ৰাইজে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0