newsnextone.com | নলবাৰীঃ নলবাৰী জিলা কাৰাগাৰত এগৰাকী কয়দীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।বিকাশ কলিতা নামৰ কয়দীজনে কাৰাগাৰৰ ভিতৰৰ বাথৰুমত নিজৰ পিন্ধা কাপোৰৰে চিপ লৈ আত্মহত্যা কৰে৷প্ৰেমজনিত কাৰণত কাৰাগাৰলৈ অহা বিকাশ কলিতাৰ ঘৰ যোৰহাটত বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে,কিছুদিন পূৰ্বে বিকাশ কলিতা নামৰ বিবাহিত লোকজনে বাক্সাৰ এগৰাকী যুৱতীক অপহৰণ কৰাৰ সন্দৰ্ভত বাক্সাৰ শিমলা আৰক্ষী থানাই লোক জনক আটক কৰি ৫৭/১৮ এটা গোচৰ ৰুজু কৰে৷উক্ত গোচৰৰ ভিত্তিতে ১৮ আগষ্টত লোকজনক নলবাৰী দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই নলবাৰী জেললৈ প্ৰেৰণ কৰে৷