কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমাৰ হাকমা গাঁৱত যোৱা নিশা কোকৰাঝাৰ আৰক্ষী, সেনাবাহিনীৰ ১৭ নং ডোগ্ৰা ৰেজিমেণ্টৰ দল এটাই যৌথ অভিযান চলাই এন ডি এফ বি (স)ৰ এজন যোগাযোগকাৰীক মাৰণাস্ত্ৰসহ আটক কৰে৷ ধৃত যোগাযোগকাৰীজন গোসাঁইগাঁও নাৰায়ণপুৰ নিৱাসী গিৰিশ বসুমতাৰীৰ পূত্ৰ প্ৰাণজিৎ বসুমতাৰী(৩০) ওৰফে টেংনা ওৰফে বাজাজ পালছাৰ বুলি অাৰক্ষীয়ে সদৰী কৰিছে ৷
কোকৰাঝাৰ জিলাৰ উপ-অাৰক্ষী অধীক্ষক প্ৰকাশ মেধিয়ে সদৰী কৰা মতে কোকৰাঝাৰৰ ব্যৱসায়ী ৰঞ্জিত দত্তৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত তথা এনডিএফবি(সং)ৰ লিংকমেন প্ৰাণজিৎ বসুমতাৰী হাকমা গাৱঁত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিয়ে গোসাইগাওঁ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত অাৰক্ষী অাৰু সেনা বাহিনীয়ে হাকমা গাঁওত যৌথ অভিযান লিংকমেনগৰাকীক আটক কৰে৷