গোৰেশ্বৰঃ বাগছা জিলাৰ গোৰেশ্বৰ-আন্ধেৰীঘাট সংযোগী গড়কাপ্তানি বিভাগৰ এটি পথ। মডেল বিটিএডিৰ নমুনা প্ৰকাশ কৰা “বয়াগলা পথ” নামৰ এই পথটোৰ শোচনীয় অৱস্থাৰ বাবে এতিয়া যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিছে পথচাৰীয়ে।
দৈনিক শ শ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে আহ-যাহ কৰিব লগা হৈছে এই শোচনীয় পথটোৰে। আন্ধেৰীঘাট, খৈৰাবাৰী, বৈনাৰা, হাজলপাৰা, কলাকুছি, ৰাজমাটি, কাৰিপাৰা, বেতনা আদি কেবাখনো গাওঁৰ ৰাইজ এতিয়া যাতায়তৰ ক্ষেত্রত চৰম অসুবিধাৰ সম্মুখীন হ’ব লগীয়া হৈছে।