newsnextone.com | ডিফুঃ ৮৪ দিনৰ প্ৰতীক্ষাৰ অন্তত অৱশেষত কাৰ্বি আংলং আৰক্ষীয়ে আজি ডিফু ন্যায়িক আদালতত দাখিল কৰিলে ৰাজ্য কপোঁৱা অভিজিত-নিলোৎপলৰ ৮৪৪ পৃষ্ঠাজোৰা চাৰ্জশ্বীটৰ লগতে কেচ্ ডায়েৰী৷ আজি ডিফুস্থিত জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত কাৰ্বি আংলং জিলা আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়া আৰু গোচৰৰ তদন্তকাৰীৰ বিষয়াই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ঘটনাস্থলীৰ পৰা জব্দকৰা হত্যাকাণ্ডত ব্যৱহৃত যন্ত্ৰপাতি সহ এটা বৃহত ট্ৰাংকত ৮৪৪ পৃষ্ঠাৰ অভিযোগ নামা দাখিল কৰে৷
অভিজিত-নীলোৎপলৰ হত্যাকাণ্ডত জড়িত থকা ৪৮ গৰাকী অভিযুক্তকেই আজি পুৱা ডিফু ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰোৱা হয়৷ ইয়াৰ পিছতেই কাৰ্বি আংলং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ড০ ডিভিডি শিৱ প্ৰসাদে আৰক্ষী অধীক্ষক গৰাকীৰ কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি চাৰ্জশ্বীট সন্দৰ্ভত সবিস্তাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰে৷