newsnextone.com | তেজপুৰঃ ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি, বিশ্ববিশ্ৰুত পণ্ডিত, আজীৱন শিক্ষক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিনটোত সমগ্র দেশে পালন কৰে শিক্ষক দিৱস হিচাপে। শিক্ষক সকলৰ অক্লান্ত শ্ৰমৰ বিনিময়ত এগৰাকী ছাত্ৰ-ছাত্ৰী ভৱিষ্যতে দেশৰ সু-নাগৰিক হিচাপে পৰিগনিত হয়।
শিক্ষক সকলৰ নিস্বাৰ্থ পৰিশ্ৰমক মৰ্যাদা দিবলৈ আজিৰ দিনটোত সমগ্র দেশৰ লগতে তেজপুৰৰো বিভিন্ন চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান সমূহৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত পালন কৰা হয় গুৰু-শিষ্যৰ এই পবিত্র দিৱসটি। আজি তেজপুৰত জিলা প্ৰশাসন আৰু শিক্ষক সন্থাসমূহৰ সহযোগত ৫৭ সংখ্যক শিক্ষক দিৱস উলহ মালহৰে পালন কৰা হয়৷