চামুগুৰিঃ বৰ্তমান যুৱপ্ৰজন্মৰ মাজত সৰ্বাধিক প্ৰচলিত চুলাই তথা বিলাতী সুৰাৰ অবাধ প্ৰচলনে বিধস্ত কৰি তুলিছে সমাজ ব্যৱস্থা৷ ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে নগাঁও জিলাৰ পুৰণিগুদাম-চামগুৰি অঞ্চলত চলি থকা দেশী-বিদেশী সুৰাৰ অবৈধ বেহাই অঞ্চল সমূহৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উঠিছে৷
বৃহত্তৰ পুৰণিগুদাম-চামগুৰি অঞ্চলৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া গ্ৰামাঞ্চলসমূহৰ য’তে-ত’তে গঢ় লৈ উঠিছে চুলাই মদৰ ঘাটী আৰু অনুজ্ঞাপত্ৰ অবিহনেই বিক্ৰী কৰা বিলাতী সুৰাৰ অবৈধ দোকান৷ সুৰা সেৱন কৰি সুৰাপায়ীসকলে সংঘটিত কৰা কাৰ্যকলাপে ছাত্ৰ সমাজৰ লগতে উঠি অহা প্ৰজন্মৰ ওপৰতো কুপ্ৰভাৱ পেলাইছে৷