65
newsnextone.com | ডিফুঃ মঙলবাৰে নিশা হোৱা মুষলধাৰ বৰষুণৰ ফলত কাৰ্বি আংলং জিলাৰ বৰলাংফাৰ নদীৰ বাঢ়নী পানীয়ে নিশা সংহাৰী ৰূপ ধাৰণ কৰে। নিশা দুই বজাত অহা বানে ত্ৰিশ বছৰৰ পিছত বৰলাংফাৰৰ সাতখন গাঁও বিধস্ত কৰে৷
ইফালে বাঢ়নী পানীয়ে উটুৱাই নিয়া শংকৰ দাস নামৰ লোকজনৰ মৃতদেহ আজি দুপৰীয়া ৰাইজে উদ্ধাৰ কৰে৷ আনহাতে মৃতদেহ উদ্ধাৰৰ সময়ত আৰক্ষীৰ ভূমিকাক সমালোচনা কৰিছে স্থানীয় ৰাইজে৷