newsnextone.com। লিডুঃ তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত ৩নং উদয়পুৰ তিনিমাইলৰ পৰা লেখাপানী আৰক্ষীয়ে ব্ৰাউন চুগাৰ সহ এজন যুৱকক আটক কৰে। আটকাধীন যুৱকজনৰ নাম প্ৰেম সোনাৰ (৩৮)বুলি জানিব পৰা গৈছে ৷
ধৃত যুৱক জনৰ পৰা আৰক্ষীয়ে প্ৰায় ৩৪·৭৩ গ্ৰাম পৰিমানৰ ব্ৰাউন চুগাৰ জব্দ কৰে৷ জানিব পৰা মতে, প্ৰেম সোনাৰ নামৰ যুৱকজনে জাগুন উদয়পুৰ তিনিমাইলৰ পৰা উদয়পুৰৰ একাংশ গাঁৱৰ মাজত ড্ৰাগছ খিনি সৰবৰাহ কৰিবলৈ যোৱাৰ অৱস্থাতে লেখাপানী আৰক্ষীয়ে পম খেদি যুৱক জনক আটক কৰিবলৈ সক্ষম হয় ৷