ডিজিটেল ডেক্সঃ দৈনন্দিন ব্যস্ততা তথা এক অশৃংখলা জীৱনতো বৰ্তমানে মানুহবোৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ’বলৈ ধৰিছে। ভাৰতৰ লগতে বিশ্বৰ প্ৰায় দেশতে এই সজাগতা দেখিবলৈ পৱা গৈছে৷ যাৰ বাবে ব্যায়াম, পৰিশ্ৰমৰ লগতে মানুহৰ শৰীৰৰ প্ৰয়োজন হয় পুষ্টিকৰ খাদ্য৷ শাক-পাচলি, ফল-মূলৰ লগতে বিভিন্ন ধৰণৰ সুস্বাদু তথা ভিটামিনযুক্ত আহাৰ গ্ৰহণ কৰিলেহে মানুহ তজবজীয়া হৈ থাকিব৷ তাৰে ভিতৰত হাজাৰ বছৰ অতিক্ৰম কৰা ডেটছ যাক কোৱা খেজুৰৰ নাম নিশ্চয় সকলোৱে শুনিছে!
জানিব পৰা মতে খেজুৰৰ প্ৰথম উৎপত্তি ইৰাকত হৈছিল বুলি জনা যায়৷ কিন্তু ইটালীৰ লোকে খেজুৰৰ পৰা প্ৰথমেই ৱাইন বনোৱাৰ কামত ব্যৱহাৰ কৰা বুলি দাবী কৰে৷ প্ৰায় দেশতে এইবিধ গছ সহজলভ্য৷ কিন্তু ঠাই ভিন্নে ইয়াৰ প্ৰজাতিও বেলেগ বেলেগ ধৰণৰ৷ বৈজ্ঞানিকৰ মতে খেজুৰ কেৱল খাবলৈ সোৱাদ নহয়, ই বহু ভিটামিনযুক্ত আহাৰ হিচাপে পৰিগণিত হৈছে৷ মিনাৰেলছ, ছুগাৰ, কেলছিয়াম, আইৰন, পটাছিয়াম আদিৰে ভৰপূৰ এইবিধৰ উপকাৰিতাৰ বিষয়ে তলত উল্লেখ কৰা হৈছে৷