ডিজিটেল ডেক্সঃ সংবাদ মাধ্যমত ৰাজীৱ গান্ধীৰ হত্যা কাণ্ড আকৌ এবাৰ চৰ্চিত বিষয় হৈ পৰিছে৷ তেখেতৰ হত্যা কাণ্ডৰ লগত জড়িত থকা নলিনী শ্ৰীহৰনে নিজৰ পুত্ৰীৰ বিয়াৰ বাবে জামিন ল’বলৈ বিচৰা নীতিবাক্য পুনৰ ঘূৰাই লোৱাৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পায়ছে৷ এই বিষয়ত আপত্তি নকৰা কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীকো নলিনীয়ে ধন্যবাদ জ্ঞাপন কৰে৷ লগতে নলিনীয়ে ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখিছে মুক্ত হ’ব বুলি৷
তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত জয়ললিতাই ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ লগত জড়িত থকা লোকক জেলৰ পৰা ৰিহা কৰাৰ বিষয়ত সন্মতি প্ৰদান কৰিছিল৷ অাৰোপী নলিনীয়ে নিজৰ জীয়েকক শীৰ্ঘ্ৰে মুক্ত হ’ব বুলি আশ্বাস দিয়ে যাৰ বাবে তামিলনাডু চৰকাৰে এই ক্ষেত্ৰত সকাৰাত্মক সংকেত দিয়া বুলি উমান ল’ব পৰা গৈছে৷