ডিব্ৰুগডঃ ফেচবুকযোগে কণ্ঠশিল্পী জুবিন গাৰ্গক হত্যাৰ ভাবুকি প্ৰদান কৰি অৱশেষত আৰক্ষীৰ হাতত ধৰা পৰিল কাই খাপলাং। ডিব্ৰুগড় জিলাৰ বৰবৰুৱা আৰক্ষীয়ে আজি দুপৰীয়াৰ ভাগত কাই খাপলাং ওৰফে তুলতুল বাগলাৰীক কৰায়ত্ত কৰে। কালি নিশাৰে পৰা অভিযান তীব্ৰতৰ কৰি তোলাৰ পিছত আজি ডিব্রুগড় গৰুধৰীয়া পথালিবামৰ পৰা যুৱকজনক আটক কৰিবলৈ সমৰ্থ হয় আৰক্ষী।
আৰক্ষী সূত্ৰই সদৰী কৰা মতে, যুৱকজনৰ পৰা মোবাইলটোৰ ছিমখন জব্দ কৰা হৈছে। অৱশ্যে মোবাইলটো জব্দ কৰিব পৰা হোৱা নাই। আৰক্ষীৰ সোধ-পোছত যুৱকজনে মোবাইলটো ভাঙি পেলোৱা বুলি মন্তব্য কৰা বুলি জানিব পৰা গৈছে।