newsnextone.com| তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ ডিৰাক গোঁসাই গাঁৱৰ বৰডিৰাক গোঁসাই গাঁও প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী তথা বেনাই মহন্তৰ দুহিতা সবিতা ওৰফে ববী মহন্ত (৮) ক অৰুণাচল প্ৰদেশৰ খাৰচাং জিলাৰ ৰত্নপুৰ গাঁৱৰ অজিত চাকমা (ভাৰ্চি) নামৰ লোকজনে সম্বন্ধীয় মামাক বুলি পৰিচয় দি অপহৰণ কৰিছিল৷ স্বাভাৱিকতে এই ঘটনাই সমগ্ৰ সীমামূৰীয়া অঞ্চলটোৰ লগতে জিলাখনতো ব্যাপক প্ৰতিক্ৰিয়া কৰা লগতে স্থানীয় দল সংগঠনে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰিছিল৷
সবাটোতকৈ লক্ষণীয় কথাটো হ’ল যে ভাৰ্চি নামৰ ব্যক্তিজনৰ পৰিচয় সম্বন্ধে পৰিয়ালৰ লোক বিশেষ জ্ঞাত নাছিল যদিও পৰিয়ালটোৰ স’তে সঘন আহ-যাহ কৰা কৰিছিল বুলি পৰিয়ালে ব্যক্তব্য প্ৰদান কৰিছে৷ পৰৱৰ্তী সময়ত এই অজিত চাকমাই বেনাই মহন্ত জীয়েক ববীক মৰ্টন কিনি দিয়াৰ উদ্দেশ্যেৰে ফুচুলাই অপহৰণ কৰি অৰুণাচলৰ ব্যৱসায়িক চহৰ তেজুৰ এজন ব্যক্তিক বিশেষ কাৰণ দেখুৱাই বিক্ৰী কৰি দিয়ে৷ নাম প্ৰকাশত অনিচ্ছুক ব্যক্তিজনে ফুলকুমলীয়া ছোৱালীজনীক মৰমতে নিকটৱৰ্তী এখন বিদ্যালয়ত নামভৰ্তি কৰাই দিয়াৰ উপৰিও নিজা খৰচ বহন কৰি হোষ্টেলত ৰাখে৷