Home ৰাজ্যঅময়াপুৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ তম আবিৰ্ভাৱ তিথি পালন

অময়াপুৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ তম আবিৰ্ভাৱ তিথি পালন

by News Desk
52 views
A+A-
Reset

newsnextone.com| তামুলপুৰঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলাৰ উত্তৰ পশ্চিম তামুলপুৰ আঞ্চলিক শাখাৰ অন্তৰ্গত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অময়াপুৰ মিলন প্ৰাথমিক শাখাৰ সৌজন্যত দুদিনীয়া কাৰ্যসূচিৰে অময়াপুৰ নাম ঘৰ প্ৰসঙ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ তম আবিৰ্ভাৱ তিথি পালন কৰা হয়। গুৰুজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে কালি সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন কৰে যুৱ সমাজকৰ্মী দিলীপ ৰাজবংশীয়ে৷ তাৰ পিছত আই-মাতৃ সকলে নামঘৰত নাম প্ৰসংগ কৰে। 

আজি পুৱা মুখ্যদ্বাৰ উন্মোচনৰ পিছতে নাম-প্ৰসঙ্গ আৰু পতাকা উত্তোলন কাৰ্যসূচী। পতাকা উত্তলোন কৰে অময়াপুৰ মিলন প্ৰাথমিক শাখাৰ সভাপতি বিজয় তালুকদাৰে। পুৱা ১০ বজাত ভাগৱত শোভাযাত্ৰা। ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে অময়াপুৰ মিলন প্ৰাথমিক শাখাৰ সদস্য গৌৰী বৰ্মনে। বৰ্মনে ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰি কয় মহাপুৰুষ জনাই অসমীয়া সমাজলৈ যি অৱদান আগবঢ়াই গৈছিল আজিও সেই অৱদান অসমীয়া জাতীয়ে আখৰে আখৰে পালন কৰি গৈছে৷ মহাপুৰুষ জনাৰ জীৱন কৰ্ম সোৱৰি সমাজ খনক একতাৰ দোলেৰে বান্ধ খাই জীয়াই থাকিবলৈ আহ্বান জনাই। ভাগৱত শোভাযাত্ৰাৰ পিছে পিছে আই-মাতৃ, যুৱক যুৱতী, ডেকা বুঢ়া সকলে হৰি-নাম কীৰ্তন গাই মুখৰিত কৰে অময়াপুৰৰ আকাশ-বতাহ। ভক্তি ৰসত বুৰ যায় সমগ্ৰ অময়াপুৰ কালাকুছি অঞ্চল। ভাগৱত শোভাযাত্ৰাৰ অন্তত মহা প্ৰসাদ বিতৰণৰে সমাপ্ত হয় গুৰুজনাৰ আবিৰ্ভাৱ তিথি।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0