Home ৰাজ্যওদালগুৰিত পুনৰ ষ্টোনমেনৰ আতংক, গুৰুত্বৰভাৱে আহত ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি

ওদালগুৰিত পুনৰ ষ্টোনমেনৰ আতংক, গুৰুত্বৰভাৱে আহত ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি

by News Desk
61 views
A+A-
Reset

newsnextone.com| ওদালগুৰিঃ দীৰ্ঘ বিৰতিৰ অন্তত পুনৰ ওদালগুৰি চহৰত আৰম্ভ হ’ল ষ্টোনমেনৰ সন্ত্ৰাস৷ বিগত বৰ্ষৰ মাজভাগৰ পৰা ওদালগুৰিত প্ৰায় প্ৰতিদিনে সন্ত্ৰাস চলাই আহিছিল এই ষ্টোনমেনে। সন্ধিয়া হ’লেই অচিনাক্ত লোকে কলেজীয়া ছাত্ৰী অথবা, মহিলাৰ গালৈ শিলেৰে আক্ৰমণ কৰে। ফলত একপ্ৰকাৰ সন্ধিয়া হ’লেই আতংকত ভূগিছিল বিভিন্ন কামত বাহিৰলৈ ওলাই অহা মহিলা তথা যুৱতীসকল। বিগত বৰ্ষৰ দূৰ্গাপূজাৰ ষষ্ঠীৰ নিশা ওদালগুৰি মিচন ৰোডত এগৰাকী যুৱতীক নিজৰ ঘৰৰ সন্মুখতে ষ্টোনমেনে আক্ৰমণ কৰি আহত কৰিছিল। 

ইয়াৰ পাছত ৩ নৱেম্বৰ তাৰিখে ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত এগৰাকী ছাত্ৰীক শিলেৰে আক্ৰমণ কৰাৰ ফলত চিকিৎসাধীন হ’ব লগা হৈছিল। আনহাতে ২৭ নৱেম্বৰৰ নিশা পুনৰ ওদালগুৰি মিচন ৰোডত এগৰাকী যুৱতী শিলাক্ৰমণৰ ফলত আহত হোৱাৰ পাছত ৪ ডিচেম্বৰ তাৰিখে ওদালগুৰি চিক্ৰেট হাৰ্ট ইংলিচ স্কুলৰ সমীপত এগৰাকী স্কুলীয়া ছাত্ৰীক শিলেৰে আক্ৰমণ কৰাত ছাত্ৰীগৰাকী গুৰুত্বৰ ভাৱে আহত হৈ ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈছিল। ইয়াৰ পাছতে ৫ ডিচেম্বৰ তাৰিখে এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে অভিযান চলাই ষ্টোনমেনৰ ঘটনাৰ সৈতে জৰিত দুজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছিল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0