newsnextone.com| মৰিয়নীঃ মৰিয়নী সমষ্টিৰ অসম নাগালেণ্ড সীমান্ত অঞ্চলৰ বিশেষকৈ নাগিনীজান, ৰংখাম, মগ্ৰ আদি অঞ্চল সমূহত চৰকাৰ প্ৰশাসনৰ আৰু গৃহ বিভাগৰ গা-এৰা মনোযোগ বাবে ২১ চেপ্তেম্বৰত মৰিয়নীৰ অসম নগালেণ্ডৰ সীমান্তত নগাৰ আগ্ৰাসনৰ ৰোধৰ প্ৰতিবাদত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আমৰণ অনশন আৰম্ভ কৰিছিল৷
মগ্ৰ অঞ্চলত অসম আৰক্ষীৰ (বি অ পি) স্থাপন কৰা দাবীত বিধায়ক জনৰ এই আমৰণ অনশন। ২০১৫-১৬ চনতে বিগত কংগ্ৰেছ চৰকাৰে অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ লগত আলোচনাৰ মাধ্যমেৰে চৰকাৰে মগ্ৰৈ অঞ্চলত ভূমি অনুদান দিয়ে৷ তৎসত্বেও অনুমোদনসত্বেও ন’হল (বি অ পি)টোৰ। মগ্ৰৈৰ অঞ্চলৰ দুলাল বৰুৱা পথৰ কাষত সীমান্তৱাসীক লগত লৈ বিধায়ক জনৰ এই আমৰণ অনশন উক্ত কাৰ্যসূচীত স্থানীয় বহু লোকৰ সহাৰি পোৱা পৰিলক্ষিত হয়৷