Home ৰাজ্যদক্ষিণপাটৰ গজেন চন্দ্ৰ দাসলৈ কৃতী শিক্ষকৰ বঁটা প্ৰদান

দক্ষিণপাটৰ গজেন চন্দ্ৰ দাসলৈ কৃতী শিক্ষকৰ বঁটা প্ৰদান

by News Desk
61 views
A+A-
Reset

newsnextone.com| নগাঁওঃ নগাঁও জিলাৰ দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গজেন চন্দ্ৰ দাসে চলিত বৰ্ষৰ জিলা ভিত্তিত কৃতী শিক্ষকৰ বঁটা লাভ কৰি বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। দক্ষিণপাটৰ প্ৰয়াত থানেশ্বৰ দাস আৰু সত্যৱতী দাসৰ পুত্ৰ গজেন চন্দ্ৰ দাসে কাৰ্বি আংলং জিলাৰ বৈঠালাংছু আৰু ডকমকাৰ বাগপানী এম ই স্কুলত কিছুদিন শিক্ষকতা কৰি পৰৱৰ্ত্তী সময়ত ঘাঁহী মহমৰীয়া আঞ্চলিক হাইস্কুলতো সহকাৰী শিক্ষক হিচাপে শিক্ষকতা কৰি ১৯৮৮ চনত দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰি শিক্ষাদানৰ দৰে পৱিত্ৰ কৰ্মত ব্ৰতী আছে। 

বিদেশী বহিস্কাৰ আন্দোলনৰ সময়ত দক্ষিণপাট শাখা আঞ্চলিক ছাত্ৰ সন্থা আৰু দক্ষিণ পশ্চিম নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থকাৰ লগতে তেওঁ দক্ষিণপাট আঞ্চলিক গণ সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক হিচাপে দ্বায়িত্ব পালন কৰিছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0