তিনিচুকীয়াঃ বাপতি সাহোন ৰঙালী বিহুক অসমৰ ভিন্ন ঠাইত ভিন্ন ধৰণে পালন কৰি ঐক্য সংহতিৰ বাৰ্তা বিলাই অাহিছে। প্ৰতিবছৰৰ দৰে এইবেলিও তিনিচুকীয়া জিলাৰ কাকপথাৰত শনিবাৰে নিশা উদযাপন কৰা হয় মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত ৰাতি বিহু।
অসমৰ বিভিন্ন জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ড, মণিপুৰৰ, মেঘালয়ৰ উপৰিও বিহাৰ, চত্তীশগড়ৰ বহুতো পৰ্যটকে ৰাতি বিহু চাবলৈ ভৰি পৰে৷ জনগোষ্ঠীটোৰ নিজস্ব সাজ-পাৰ পৰিধানেৰে ১,২০০ মৰাণ গাভৰুৱে ৰাতি বিহু থলীলৈ আহি দূৰ-দুৰণিৰ পৰা বাটকুৰি বাই অহা ডেকা ল’ৰাৰ গীত আৰু চাকচনি মাৰিৰ তালে তালে ওৰে নিশা নাচি-বাগি কাকপথাৰৰ আকাশ বতাহ ৰজনজনাই তোলে৷