Home ৰাজ্য“সৰ্বদিশৰ উন্নয়ন আৰু বিকাশেৰে মই ৰংখাংবাসীৰ দুখ-দূৰ্দশা, সমস্যা-অভাৱ আদি সকলো শীঘ্ৰেই দূৰ কৰিম” হৰেনছিং বে’ৰ মন্তব্য

“সৰ্বদিশৰ উন্নয়ন আৰু বিকাশেৰে মই ৰংখাংবাসীৰ দুখ-দূৰ্দশা, সমস্যা-অভাৱ আদি সকলো শীঘ্ৰেই দূৰ কৰিম” হৰেনছিং বে’ৰ মন্তব্য

by News Desk
A+A-
Reset
6d3d1571-6c79-431c-baa8-2fa2757d8693

newsnextone.com| খেৰণিঃ বৈঠালাংছ’ বিধানসভা সমষ্টিৰ তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ পৰিষদীয় ৰংখাং সমষ্টিৰ লিংডিং গাওঁ আৰু লাংহানত বিজেপিৰ ভ্ৰমনসূচীৰ অংশ হিচাপে আজি ৰংখাং বিজেপি মণ্ডল সমিতিৰ উদ্যোগত পৃথকে পৃথকে দুখনকৈ বিজেপিৰ মুকলি সভা অনুষ্ঠিত হৈ যায়। লিংডিং গাওঁত আয়োজিত সভাতেই মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ পৰিষদীয় সদস্য তথা স্থানীয় জনপ্ৰতিনিধি হৰেনছিং বে’ উপস্থিত হয়৷
 
“সৰ্বদিশৰ উন্নয়ন আৰু বিকাশেৰে মই ৰংখাংবাসীৰ দুখ-দুৰ্দশা, সমস্যা-অভাৱ আদি সকলো শীঘ্ৰেই দূৰ কৰিম” বুলি সভাত উপস্থিত থকা তিনি শতাধিক ৰাইজৰ নিজৰ মন্তব্য প্ৰকাশ কৰে৷ লগতে জনপ্ৰতিনিধি গৰাকীয়ে ইতিমধ্যে কাৰ্বি পৰিষদত ১৫ টা মাহ অতিক্ৰম কৰা কাৰ্যকালত সমষ্টিটোত ৰূপায়ণ কৰা আঁচনি সমূহৰ ভিতৰত আধাৰশিলা আৰু কাম সম্পূৰ্ণ কৰি উদ্ধোধন কৰা আচঁনিৰ বিশদ প্ৰতিবেদন দাঙি ধৰে এই সভাৰ মজিয়াত। 

মনকৰিবলগীয়া যে সমষ্টিটোত ইতিমধ্যে ৰাস্তা-ঘাট নিৰ্মাণ বা পকীকৰণৰ কাম আৰম্ভ কৰাৰ বিপৰীতে দুখীয়া পৰিয়ালৰ মাজত ১০টা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ গৃহ নিৰ্মাণ কৰা, অৰ্ধশতাধিক শৌচালয় নিৰ্মাণ কৰা, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাৰ হকে ৭৫ টা দমকল, ৪ টা ৰিং কুঁৱা আদি প্ৰদান কৰাৰ কথা উল্লেখ কৰে জনপ্ৰতিনিধিগৰাকীয়ে। আনহাতে আঁচনি ৰূপায়নৰ ক্ষেত্ৰত ঠিকাদাৰে কোনো অনিয়ম অথবা দুৰ্নীতি সংঘটিত কৰিলে কোনো কাৰণতে ৰেহাই দিয়া নহ’ব বুলি কয় হৰেনছিং বে’য়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0